হেৰিয়েট বাউমেন ল’ কট্টাৰ
হেৰিয়েট বি ল’ কট্টাৰ (৪ জানুৱাৰী, ১৮১১- ২০ জানুৱাৰী, ১৮৮৪)[1] প্ৰথম অসমীয়া কাকত অৰুণোদইৰ মুদ্ৰক আৰু খ্ৰীষ্টীয়ান ধৰ্ম প্ৰচাৰক অ'লিভাৰ টি. কট্টাৰৰ পত্নী। তেওঁৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুছেট্ছ প্ৰদেশৰ মিল্টনত। তেওঁ স্বামীৰ সৈতে ১৮৩১ চনত অসমলৈ আহে আৰু শদিয়া, জয়পুৰ আৰু শিৱসাগৰত থাকে। ইলাইজা হুইট্নী ব্ৰাউনৰ লগ লাগি কেবাখনো অসমীয়া মাধ্যমৰ পঢ়াশালি স্থাপন কৰে। অকল শিৱসাগৰত ১৪খন অসমীয়া মাধ্যমৰ পঢ়াশালি খোলা হৈছিল। তেওঁ ৰচনা কৰা "Vocabulary and Phrases in English and Asamese" শীৰ্ষক গ্ৰন্থ ১৮৪০ চনত জয়পুৰ মিছন প্ৰেছৰপৰা প্ৰকাশিত হয়। এইটোৱেই বোধহয় অসমীয়া খণ্ডবাক্যৰ প্ৰথমটো সংগ্ৰহ। এড্ৱাৰ্ড ডব্লিউ ক্লাৰ্কৰ দ্বাৰা সম্পাদিত হৈ ১৮৭৭ চনত দ্বিতীয় সংস্কৰণ প্ৰকাশ পায়।[2] ১৮৫২ চনত স্বামীৰ সৈতে ইংলেণ্ডলৈ যায় আৰু মৃত্যু পৰ্যন্ত তাতে বসবাস কৰে।[1] তথ্য সংগ্ৰহ
Information related to হেৰিয়েট বাউমেন ল’ কট্টাৰ |
Portal di Ensiklopedia Dunia