ত্ৰিভুজ
সমতলীয় জ্যামিতিৰ ভাষাত তিনিটা বাহু বিশিষ্ট সীমাবদ্ধ ক্ষেত্ৰকে ত্ৰিভুজ বোলা হয়। দ্বি-মাত্ৰিক অংকত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ১৮০° বা দুই সমকোণ। এটা সময়ত কেৱল ইউক্লিডীয় জ্যামিতিতেই ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হৈছিল। কিন্তু নিকোলাই লোবাচেভ্স্কি সহ অন্যান্য জ্যামিতি বিশেষজ্ঞসকলৰ অৱদানৰ ফলস্বৰূপে অসমতলীয় জ্যামিতিটো বৰ্তমানে ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হয়। এই ধৰণৰ অংকত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণ নহয়। অথচ ইউক্লিডীয় জ্যামিতিৰ মূল ভিত্তিতেই এই ধাৰণাটি গঢ় লৈছে। প্ৰকাৰভেদবাহুৰ দৈৰ্ঘ্যৰ ভিত্তিতবাহুৰ দৈৰ্ঘ্যৰ ভিত্তিত ত্ৰিভুজ তিনি প্ৰকাৰৰ হ’ব পাৰে। যেনে -
কোণৰ ভিত্তিত কৰা বিভাজনকোণৰ ভিত্তিত ত্ৰিভুজ তিনি প্ৰকাৰৰ হ’ব পাৰে -
ত্ৰিভুজৰ সাদৃশ্যতাদুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে- i) সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু ii) সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে। যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁত সমান কোণী বা সমকৌণীক ত্ৰিভুজ বোলে। বিখ্যাত গ্ৰীক গণিতজ্ঞ থেলছে দুটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সত্য উল্লেখ কৰিছিল। সেইটো হ'ল- দুটা সমানকোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহুৰ অনুপাত সদায় একে। ত্ৰিভুজৰ সদৃশতা বুজিবলৈ '~' প্ৰতীক ব্যৱহাৰ কৰা হয়। দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Information related to ত্ৰিভুজ |
Portal di Ensiklopedia Dunia