^ a. English is the official language of at least 28 states—some sources give a higher figure, based on differing definitions of "official".[6] English and Hawaiian are both official languages in the state of Hawaii.
^ b. English is the de facto language of American government and the sole language spoken at home by 80% of Americans age five and older. Spanish is the second most commonly spoken language.
^ c. Whether the United States or the People's Republic of China is larger is disputed. The figure given is from the U.S. Central Intelligence Agency's World Factbook. Other sources give smaller figures. All authoritative calculations of the country's size include only the 50 states and the District of Columbia, not the territories.
^ d. The population estimate includes people whose usual residence is in the fifty states and the District of Columbia, including noncitizens. It does not include either those living in the territories, amounting to more than 4 million U.S. citizens (most in Puerto Rico), or U.S. citizens living outside the United States.
আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ (ইংৰাজী: United States of America) উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত পঞ্চাশখন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে গঠিত এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশ ইউনাইটেড ষ্টেট্চ অৱ আমেৰিকা নামেৰেও জনাজাত। পশ্চিমে প্ৰশান্ত আৰু পূবে আটলাণ্টিক মহাসাগৰৰ মধ্যস্থলত এই ৰাষ্ট্ৰ অৱস্থিত; উত্তৰ আৰু দক্ষিণ সীমান্তত যথাক্ৰমে কানাডা আৰু মেক্সিকো ৰাষ্ট্ৰদ্বয় অৱস্থিত। আলাস্কা ৰাজ্যখন মহাদেশৰ উত্তৰ-পশ্চিমত অৱস্থিত; এই ৰাজ্যৰ পূব সীমাত কানাডা আৰু পশ্চিমে বেৰিং প্ৰণালী; তাৰ কাষতে ৰাছিয়া। আনহাতে হাৱাই ৰাজ্যখন মধ্য-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অৱস্থিত এটি দ্বীপপুঞ্জ। ইয়াৰোপৰি কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অসংখ্য দ্বীপপুঞ্জ আমেৰিকা যুক্তৰাষ্ট্ৰ অন্তৰ্ভুক্ত।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়তন ৩.৭৯ মিলিয়ন বৰ্গমাইল (৯.৮৩ মিলিয়ন বৰ্গকিলোমিটাৰ)। দেশখনৰ জনসংখ্যা প্ৰায় ৩০৯ মিলিয়ন। সামগ্ৰিক আয়তনৰ হিচাপ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ তৃতীয় অথবা চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজ বিশ্বেৰ সকলোতকৈ বৈচিত্ৰ্য মণ্ডিত বহুজাতিক সমাজব্যৱস্থা। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ বিভিন্ন দেশৰ বহু মানুহৰ সংমিশ্ৰণত গঠন হোৱা এক বহুসংস্কৃতিবাদী ৰাষ্ট্ৰ।[7] আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ বৃহত্তম অৰ্থনীতি। ২০০৮ চনত দেশৰ আনুমানিক মুঠ ঘৰুৱা উৎপাদনৰ (GDP) হাৰ আছিল ১৪.৪ ট্ৰিলিয়ন আমেৰিকান ডলাৰ (বিশ্বৰ জিডিপিৰ এক চতুৰ্থাংশ)।[4][8]